Logic and Philosophy Question Paper' 2024 [AHSEC Class 12 Question Papers]

Logic and Philosophy Question Paper 2024
AHSEC Class 12 Logic and Philosophy Question Papers

Full Marks: 100 | Pass Marks: 30 | Time: Three hours

The figures in the margin indicate full marks for the questions.

Question Type

Marks Allocation

Q. No. 1 carries 1 mark each

1×12=12

Q. Nos. 2-13 carry 2 marks each

2×12=24

Q. Nos. 14-23 carry 4 marks each

4×10=40

Q. Nos. 24-27 carry 6 marks each

6×4=24

Total

100

1. Give very short answers: অতি চমু উত্তৰ দিয়া:

(a) "Logic is a normative science." Is the statement true?

"তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান।” কথাষাৰ সত্য নে?

(b) What kind of proposition does Scientific Induction establish?

বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্রতিষ্ঠা কৰে?

(c) What is the ground of Unscientific Induction?

অবৈজ্ঞানিক আগমনৰ ভিত্তি কি?

(d) Give an example of non-moral action.

নিনৈতিক ক্ৰিয়াৰ এটি উদাহৰণ দিয়া।

(e) Give an example of Good Analogy.

সু-সাদৃশ্যানুমানৰ এটি উদাহৰণ দিয়া।

Or/ নাইবা

Give the definition of Scientific Induction.

বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া।

(f) Who is the propounder of Scientific Realism?

বিজ্ঞানসম্মত বাস্তৱবাদৰ প্ৰৱৰ্ত্তক কোন?

(g) Which theory of Truth does Naive Realism support?

সৰল বাস্তৱবাদে সত্যতাৰ কোনটো মতবাদ সমর্থন কৰে?

(h) "Religion is faith in the conservation of values." Who said this?

"ধৰ্ম হ'ল মূল্যৰ অবিনাশিতাত বিশ্বাস।” কথাষাৰ কোনে কৈছিল?

(i) On which law is the quantitative mark of a cause based?

কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত?

(j) How many instances are required for the method of difference?

ব্যতিৰেকী পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?

(k) What is the meaning of the Greek word 'Ethos'?

গ্রীক শব্দ 'Ethos' ৰ অৰ্থ কি?

(l) "Hypothesis is a provisional supposition." Is it true?

"প্রকল্প হৈছে এটা আনুমানিক ধাৰণা।" এইটো সত্য নে?

2. What word does Buddha use to mean 'Moksa' or 'Liberation'?

বুদ্ধই 'মোক্ষ' বা 'মুক্তি'ক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে? (2)

3. What do you mean by 'conjunction of causes'? 'কাৰণ সমন্বয়' বুলিলে কি বুজা? (2)

Or/ নাইবা

State two advantages of Simple Observation. নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। (2)

4. Mention two differences between Primary Quality and Secondary Quality.

মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা দুটা পার্থক্য লিখা। (2)

5. "Esse est percipi" Give the meaning of the statement. "অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই কথাষাৰৰ অৰ্থ কি? (2)

Or/ নাইবা

What is the theory of 'Pre-established harmony'? 'পূর্ব স্থাপিত শৃংখলা' মতবাদ কি? (2)

6. Give an example of Fallacy of Non-observation. অনবেক্ষণ দোষৰ এটা উদাহৰণ দিয়া। (2)

7. What are the postulates of Ethics? নীতিবিদ্যাৰ স্বীকাৰ্য সত্য কেইটা কি কি? (2)

Or/ নাইবা

What is the meaning of 'intention' in Ethics? নীতিবিদ্যাত 'অভিপ্রায়ৰ' অর্থ কি? (2)

8. Write any two criticisms of Naive Realism. সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা লিখা। (2)

9. Give a concrete example of method of difference. ব্যতিৰেকী পদ্ধতিৰ এটি বাস্তৱ উদাহৰণ দিয়া। (2)

10. Why is habitual action considered as an object of moral judgement?

অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়? (2)

11. What do you mean by 'vera cause'? 'অস্তিত্বশীল কাৰণ' বুলিলে কি বুজা? (2)

Or/ নাইবা

What is 'Working Hypothesis'? 'কাৰ্যকৰী প্ৰকল্প' কি? (2)

12. Give a concrete example of direct variation. একমুখী বা প্রত্যক্ষ সহ-পৰিবৰ্তনৰ এটি বাস্তৱ উদাহৰণ দিয়া। (2)

13. What is 'hypothesis concerning law'? 'নিয়ম সম্পর্কীয় প্রকল্প' কাক বোলে? (2)

14. What is Induction? State two differences between Induction and Deduction.

আগমন কাক বোলে? আগমন আৰু নিগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। (2+2=4)

Or/ নাইবা

State four points of difference between Scientific Induction and Unscientific Induction.

বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা চাৰিটা পার্থক্য লিখা। (4)

15. What do you mean by the doctrine of 'Plurality of Causes'? Why is 'Plurality of Causes' not scientifically acceptable?

'নানা কাৰণবাদ' বুলিলে কি বুজা? নানা কাৰণবাদ কিয় বিজ্ঞানসম্মত নহয়? (3+1=4)

Or/ নাইবা

Mention four characteristics of experiment. পৰীক্ষণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। (4)

16. Write a brief note on 'Moksa' or 'Liberation' as explained in Indian philosophy.

ভাৰতীয় দৰ্শনৰ বৰ্ণনা অনুসৰি 'মোক্ষ' বা 'মুক্তি'ৰ ওপৰত এটি চমু টোকা লিখা। (4)

Or/ নাইবা

Explain the concept of 'Dharma' as 'Purusärtha'. 'পুৰুষার্থ' হিচাপে 'ধর্ম'ৰ ধাৰণা ব্যাখ্যা কৰা। (4)

17. Define Idealism. Name two idealistic philosophers mentioning their theories.

ভাৱবাদৰ সংজ্ঞা দিয়া। দুজন ভাৱবাদী দার্শনিকৰ নাম তেওঁলোকৰ মতবাদৰ সৈতে উল্লেখ কৰা। (2+2=4)

Or/ নাইবা

Write a short note on Plato's idealism. প্লেটোৰ ভাৱবাদৰ ওপৰত এটি চমু টোকা লিখা। (4)

18. Write any four characteristics of Naive Realism. সৰল বাস্তৱবাদৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। (4)

19. Mention the names of different kinds of Hypothesis. প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম উল্লেখ কৰা। (4)

Or/ নাইবা

What do you mean by 'Crucial Instance'? 'চৰম দৃষ্টান্ত' বুলিলে কি বুজা? (4)

20. State two advantages and two disadvantages of the Method of Difference.

ব্যতিৰেকী পদ্ধতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। (2+2=4)

21. Briefly discuss the nature of Monads as described by Leibnitz.

লাইৱনিঝৰ বৰ্ণনা অনুসৰি 'মনাড'ৰ প্ৰকৃতি চমুকৈ আলোচনা কৰা। (4)

22. Explain the mental stage of a voluntary action. এটা ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰটো ব্যাখ্যা কৰা। (4)

Or/ নাইবা

Define Ethics. Why is Ethics called a normative science? নীতিবিদ্যাৰ সংজ্ঞা দিয়া। নীতিবিদ্যাক কিয় আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়? (2+2=4)

23. "Religion is the source of morality." Explain the statement.

"ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।” কথাষাৰ ব্যাখ্যা কৰা। (4)

Or/ নাইবা

Write any four characteristics of religion. ধৰ্মৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। (4)

24. Define Unscientific Induction and state its characteristics.

অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (1+5=6)

Or/ নাইবা

Define Analogy with an example. Mention its characteristics.

এটা উদাহৰণসহ সাদৃশ্যানুমানৰ সংজ্ঞা দিয়া আৰু এই বিধ অনুমানৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (3+3=6)

25. Explain the principle of Uniformity of Nature. Why is it called the formal ground of Induction?

প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা। এই বিধিক কিয় আগমনৰ আকাৰৰ্গত ভিত্তি বুলি কোৱা হয়? (4+2=6)

Or/ নাইবা

What is Experiment? Describe the characteristics of Experiment. পৰীক্ষণ কি? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা। (1+5=6)

26. What are the conditions of a valid hypothesis? Explain any two of them.

বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি কি? ইয়াৰে যিকোনো দুটা চৰ্ত ব্যাখ্যা কৰা। (2+2+2=6)

Or/ নাইবা

What are the stages of hypothesis? Explain with examples. প্ৰকল্পৰ স্তৰ কেইটা কি কি? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। (6)

27. Explain the Method of Agreement with concrete examples.

বাস্তৱ উদাহৰণসহ অন্বয়ী পদ্ধতিৰ ব্যাখ্যা আগবঢ়োৱা। (6)

Or/ নাইবা

Define the Joint Method of Agreement and Difference with an example. State two advantages of this method.

এটা উদাহৰণসহ মিশ্র অন্বয়ী-ব্যতিৰেকী পদ্ধতিৰ সংজ্ঞা দিয়া। এই পদ্ধতিৰ দুটা সুবিধা উল্লেখ কৰা। (2+2+2=6)

Also Read: AHSEC Class 12 Logic and Philosophy Question Papers

Logic and Philosophy Solved Question Papers' 2014

Logic and Philosophy Solved Question Papers' 2015

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.